কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে বগা হৰিণ

প্ৰকৃতিপ্ৰেমী সকললৈ ভাল খবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছে বগা হৰিণ ৷ ইয়াৰ লগে লগে প্ৰাণীকুলক লৈ অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ সকলৰ মাজত।জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভূমিত আপোনমনে চৰি থকা পৰিলক্ষিত হৈছে এটা বগা হৰিণ ৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান খনত ২০১০ চনত এই বিৰল প্ৰজাতি বগা হৰিণ প্ৰত্যক্ষ কৰা হৈছিল বুলি একাংশ স্থানীয় লোকে মন্তব্য কৰিছে।প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত জীনৰ পৰিৱৰ্তন বাবে হৰিণৰ বৰণ এনেদৰে বগা হ’ব পাৰে।প্ৰাণীবিজ্ঞানীসকলে ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিছে এই বগা হৰিণক। জীৱবিজ্ঞানৰ তালিকাত ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হ’লে ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে হ’ব পাৰে এক সৌভাগ্যৰ বিষয় ৷উল্লেখযোগ্য যে ইতিপূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা বাঘৰ প্ৰত্যক্ষ কৰিছিল।

Comments (0)
Add Comment