কাৰাটে প্ৰতিযোগিতাত সাফল্য

অসমৰ ক্ৰীড়া ক্ষেত্ৰত আন এক সোণালী অধ্যায় ৰচনা কৰিলে অসমৰ ৬জন কাৰাটে খেলুৱৈয়ে।যোৱা ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হোৱা কমনেৱলথ কাৰাটে গেমছত অসমৰ ৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৮ টাকৈ পদক জিনিলে । ৩ টা সোণৰ পদক, ৩টা ৰূপৰ আৰু ২ টা ব্ৰঞ্জৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে খেলুৱৈকেইগৰাকীয়ে।হেমফু বংজাঙে ১০-১১ বছৰীয়া লৰাৰ কাটা শাখাত এটা সোণ , কুমিটেত এটা ব্ৰঞ্জৰ লগতে ৮-১৩ বছৰীয়া দলীয় কাটা শাখাত এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । ১০-১১বছৰৰ ৩০কেজিৰ তলৰ শাখাত পঞ্চমিতা বৰদলৈয়ে সোণৰ পদক, ল’ৰাৰ -৭৬ জুনিয়ৰ শাখাত নিষাদ আলীয়ে সোণৰ পদক, ১০-১১বছৰীয়া কাটা শাখাত ৰূপৰ পদক অৰ্জন কৰিছে মুগ্ধা বৰুৱাই। ইফালে কুমিটেত ১০-১১ বছৰীয়া ৪০কেজিৰ তলৰ শাখাত মৃন্ময় দেওঘৰীয়াই ৰূপৰ পদক লাভ কৰিলে। ছোৱালীৰ জুনিয়ৰ শাখাত ৫৯ কেজিৰ উৰ্ধত ইমন গগৈ ৰূপৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে । ইয়াৰ উপৰিও আকাংক্ষা কোঁৱৰ,আৰু গীতগুঞ্জন দাসে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় যদিও পদক লাভত ব্যৰ্থ হয় । অসমৰ পৰা সৰ্বমুঠ ৮ গৰাকীয়ে খেলুৱৈয়ে ভাৰতীয় দলত খেলাৰ সুযোগ লাভ কৰিছে । ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল উকাৰ সাধাৰণ সম্পাদক চিহান নগেন বংজাং । উল্লেখ্য যে চলিত বৰ্ষতে হেমফু বংজাঙে ক্ৰুৱেচীয়াত অনুষ্ঠিত বিশ্ব যুৱ কাপ কাৰাটে প্ৰতিযোগিতাত ব্যক্তিগত কাটা শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল ।খেলুৱৈ কেইগৰাকীৰ এই সফলতাৰ বাবে ইউনাইটেড কাৰাটে ড’ এছোচিয়েচনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছে।

Comments (0)
Add Comment