কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পাঁচদিনীয়া মৌপালন প্ৰশিক্ষণৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে বৈজ্ঞানীক পদ্ধতিৰে মৌ পালন কৰি যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ২৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰৰলৈ কামৰূপ জিলাৰ হাজোঁৰ শিলগুৰী গাওঁত পাঁচদিনীয়াকৈ এক মৌ পালনৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
 
কেন্দ্ৰৰ বিজ্ঞানী ডঃ মধুস্মিতা কটকীৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মুঠ ২৫ জন শিক্ষিত যুৱক যুৱতীয়ে ভাগ লয় । আনহাতে শিবিৰত প্ৰশিক্ষক হিচাপে ভাগ লয় বিশিষ্ট মৌ পালক বিজিত কলিতা আৰু ৰাহুল বিক্ৰম দাস । দুইজন প্ৰশিক্ষকে শিবিৰত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন কৰি কিদৰে ধন উপাৰ্জন কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰে।
 
শিবিৰৰ সামৰণি অনুষ্ঠানত ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই ভাষণত নিবনুৱা যুৱক যুৱতী সকলে যাতে মৌ পালনক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ডঃ মধুস্মিতা কটকী আৰু ৰিজাউল হেলিমেও ভাষণ দিয়ে। ইয়াৰ উপৰি কেবাজনো প্ৰশিক্ষাৰ্থীয়ে মৌ পালন সন্দৰ্ভত শিবিৰত লাভ কৰা অভিজ্ঞতাৰ কথা ব্যক্ত কৰে ।

Comments (0)
Add Comment