কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৱাই শ্ৰেণী সুৰক্ষা প্ৰদান কৰিলে কংগনাক

বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৱাই শ্ৰেণী সুৰক্ষা প্ৰদান কৰিছে।ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অভিনেত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।
 
লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে ইয়ে প্ৰমাণ কৰে যে কোনো দেশপ্ৰেমীৰ ভাষাক শত্ৰুুৱে দমন কৰিব নোৱাৰে ,মই সন্মানীয় অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিছো।উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউডত চলি থকা নেপ’টিজিম,মফিয়া সম্পৰ্কে প্ৰথমে কংগনাই মুখ খুলিছিল।যাৰ বাবে পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ শিৱসেনাৰ পৰা ধমকি সূচক মন্তব্য লাভ কৰিছিল।

Comments (0)
Add Comment