ক`ৰণাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক অৰ্থ সাহাৰ্য্য প্ৰদান কৰিলে

ক`ৰণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি হোৱা দেখা পোৱা গৈছে।ক’ভিডৰ দ্বিতীয়টো ঢৌ ভাৰতৰ বাবে অধিক সৰ্বনাশী হৈ পৰিছে।দেশত দেওবাৰৰ দিনটোত কভিড পজিটিভৰ সংখ্যাই ৩ লাখ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে।কিন্তু ইয়াৰ মাজতেই
ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ বহুকেইখন
দেশ।
উল্লেখযোগ্য যে,এইবাৰ ভাৰতক সহায়ৰ বাবে আগবাঢ়ি
আহিছে গুগলৰ লগতে মাইক্ৰচফ’টৰ দৰে বিশ্বৰ আগশাৰী
প্ৰতিষ্ঠান। ক`ৰণাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক ১৩৫
কোটি টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে।ইতিমধ্যে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে এই কথা ঘোষণা কৰিছে।আনহাতে মাইক্ৰচফ’টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাইও ভাৰতক সহায় কৰা বুলি জানিবলৈ দিছে।

Comments (0)
Add Comment