গঁড় সুৰক্ষা আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্য লৈ দ্যা গ্লুবেল গ্ৰীণ ফৰ্চ সংগঠনৰ জনসজাগতামূলক ৰেলী

গঁড় সুৰক্ষা আৰু প্ৰকৃতিক সুৰক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে দ্যা গ্লুবেল গ্ৰীণ ফৰ্চ নামৰ এক সংস্থাই আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা ।প্ৰকৃতি ৰক্ষা আৰু গঁড় সুৰক্ষাৰ বাবে জনগণৰ মাজত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে কলকাতা গ্লুবেল গ্ৰীণ ফৰ্চচৰ দ্বাৰা এই সজাগতাৰ চাইকেল যাত্ৰা আৰম্ভ কৰা হয়।
যোৱা ২৮ ডিচেম্বৰত কলকাতা পৰা অসমৰ কাজিৰঙা পৰ্যন্ত যাত্ৰা কৰা দলটি কালি বিয়লি গোঁসাই গাঁৱত উপস্থিত হয়। অসমৰ বন বিভাগ আৰু গঁড় বন্ধু চৌহান মল্লিকৰ আহ্বান মৰ্মে ছয় জনীয়া দলটি অসমলৈ আহে।অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদই এই দলটিক আদৰণি জনায় আৰু তেওঁলোকৰ পদক্ষেপক শলাগ লয়।

Comments (0)
Add Comment