গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত বিমান চলিব

অচিৰেই গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব ।নেপালৰ এয়াৰলাইন বুদ্ধ এয়াৰে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ বিমানসেৱা আৰম্ভ কৰিব।জানিব পৰা মতে প্ৰতি মংগলবাৰ আৰু শনিবাৰে পুৱা ৭বজাৰ পৰা বিমান চলাচল হ’ব।ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত সমন্বয় সাধন হ’ব লগতে বাণিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰতো নতুন দিগন্ত সূচনা হ’ব ।উল্লেখযোগ্য যে ইতিমধ্যে কাঠমাণ্ডুৰ পৰা বাৰাণসী আৰু কলিকতাৰ মাজত এনেধৰণৰ সপ্তাহিক বিমান সেৱা আৰম্ভ হৈছে।

Comments (0)
Add Comment