চাহ বাগিচাত অচিৰেই স্থাপন কৰা হ’ব ক’ভিড-১৯ টীকাকৰণ শিবিৰ

উত্তৰ-পূৱ চাহ সংস্থাই(নেটা) অসম চৰকাৰক দীৰ্ঘদিনৰ পৰা আহ্বান কৰি অহা চাহ বাগানৰ লোকসকলৰ ক’ভিড টীকাকৰণ শিবিৰ সন্দৰ্ভত অলপতে অসম চৰকাৰে ক’ভিড টিকাকৰণ শীঘ্রে কৰা হ’ব উল্লেখ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব সমীৰ কুমাৰ সিনহালৈ লিখা পত্ৰ আৰু সকলো চাহ বাগান অধিস্থিত জিলাসমূহৰ উপায়ুক্তলৈ চাহ বাগিচা সমূহত জৰুৰীকালীন ভাৱে ক’ভিড টিকাকৰণ শিবিৰৰ আয়োজন কৰাৰ আহ্বান জনাইছিল। মহামাৰী ক’ভিড-১৯ দ্বিতীয় ঢৌৰ ফলত চাহ বাগিচাৰ বহুতো লোক আক্রান্ত হোৱা পৰিপ্ৰেক্ষিতত বাগিচাৰ লোকসকলক টিকাকৰণ প্ৰদানেৰে ‘নেটা’ই চাহ জনগোষ্ঠীক সুৰক্ষিত কৰাৰ আহ্বান জনাইছে।
ইতিমধ্যে ডিব্ৰুগড় জিলাৰ ২ খন চাহ বাগিচাত বৃহৎ সংখ্যক ক’ভিড-১৯ত আক্রান্ত লোক চিনাক্ত হোৱাৰ পিছত প্ৰশাসনে কন্টেইমেন জ’ন হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষত চাহ বাগিচা সমূহত ক’ভিড আক্রান্তৰ ঘটনা দেখিবলৈ পোৱা নাছিল। কিন্তু বৰ্তমান ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বহুটো লোকক সাঙুৰি লোৱা পৰিলক্ষিত হৈছে। সেই উদ্দেশ্যে উত্তৰ-পূৱ চাহ সংস্থাই ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ পূর্বে চৰকাৰক চাহ বাগিচা সমূহত ক’ভিড-১৯ টিকাকৰণ শিবিৰ স্থাপন কৰাৰ আহ্বান জনোৱাত চৰকাৰে আশ্বাস প্ৰদান কৰি শীঘ্রে চাহ বাগিচাৰ লোকসকলক ভেকছিন দিয়া হ’ব বুলি নেটাই জানিবলৈ দিয়ে।

Comments (0)
Add Comment