চাৰি মাহলৈ পিছুৱালে NEET PG পৰীক্ষা

দেশজুৰি এতিয়া ক’ভিডৰ দ্বিতীয়টো ঢৌৱে চৰকাৰৰ লগতে সাধাৰণ জনতক আতংকিত কৰি তুলিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত কেন্দ্ৰীয় চৰকাৰে NEET PG পিচুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ক’ভিডকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কমেও চাৰি মাহৰ বাবে NEET PG পিচুৱাই দিয়া হৈছে। পৰীক্ষাৰ পৰৱৰ্তী দিন পিছত ঘোষণা কৰা হ’ব বুলি ।নতুনকৈ তাৰিখ ঘোষণাৰ পিছত শিক্ষাৰ্থীসকলক অধ্যয়নৰ বাবে অতিৰিক্ত এমাহ সময় দিয়া হ’ব বুলি জানিব পৰা গৈছে।
তদুপৰি ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অতিৰিক্ত চিকিৎসকৰ প্ৰয়োজন হোৱা বাবে চৰকাৰে এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলকো চিকিৎসা সেৱাত নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে।এনে পৰিস্থিতিত NEET PG অনুষ্ঠিত কৰিলে চিকিৎসকৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা আছে।লগতে জানিব পৰা মতে এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কমেও ১০০ দিন ক’ভিড ৰোগীৰ চিকিৎসাত আত্মনিয়োগ কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব।

Comments (0)
Add Comment