চিকিৎসক আক্ৰমণক তীব্ৰ গৰিহণা বিশিষ্ট মানৱ অধিকাৰকৰ্মী-সমাজসেৱক ড° দিব্যজ্যোতি শইকীয়াৰ

আজিও চিকিৎসকক ভগৱানৰ পাছতেই স্থান দি আহিছে সৰ্বসাধাৰণ মানুহে ৷ মঙ্গলবাৰে হোজাইত এচাম বৰ্বৰলোকে এগৰাকী চিকিৎসকক অচম্বিতে কৰা গণ আক্ৰমণৰ দৰে নিকৃষ্ট পাশৱিক ঘটনাক তীব্র ভাবে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা তথা সততে গণ নিগ্ৰহৰ বিৰুদ্ধে আপোচবিহীনভাবে মাত মাতি অহা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ড° দিব্যজ্যোতি শইকীয়াই ।
সমাজকৰ্মী ড° শইকীয়াই সাংবাদিকক ঘটনা সন্দৰ্ভত কয় যে, এইটো এটা ম’ব লিংচিংৰ ঘটনা। এনে ম’ব লিংচিং ৰোধৰ বাবে দেশত কঠোৰ আইন বলবৎ কৰাৰ প্ৰয়োজন আহি পৰিছে। কেন্দ্ৰীয়ভাবে নহ’লেও ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰে এনে ম’ব লিংচিং ৰ বিৰূদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে মানৱ অধিকাৰকৰ্মী গৰাকীয়ে।
লগতে তেখেতে কয় যে হোজাইত চিকিৎসকক কৰা গণ আক্ৰমণৰ ঘটনাক তীব্র ভাবে গৰিহণা দিছো। ডক্টৰ শইকীয়াই কয় যে এইটো এটা ম’ব লিংচিংৰ ঘটনা। এনে মব লিংচিং ৰোধৰ বাবে দেশত কঠোৰ আইনৰ প্ৰয়োজন। কেন্দ্ৰীয় ভাবে নহ’লেও ৰাজ্যিক ভাৱে ৰাজ্য চৰকাৰে এনে ম’ব লিংচিং ৰ বিৰূদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি বলবৎ কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

Comments (0)
Add Comment