চিজুছাত নিচি সম্প্ৰদায়ৰ ন্যাকুম উৎসৱ ২০২২ উদযাপন

পশ্চিম কামেং জিলাৰ অন্তৰ্গত আপাৰ চিজুছাত তিনি দিনীয়া কাযসুচীৰে নিচি জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ উলহ মালহৰে উদযাপন কৰা হয়। প্ৰতি বছৰে নিচি সম্প্ৰদায়ে লোকে বছৰৰ আজিৰ দিনটোত অৰ্থাৎ ২৬ফেব্ৰুৱাৰী পৰা পবিত্ৰ উৎসৱটি পালন কৰি আহিছে। নিচি সম্প্ৰদায়ৰ এয়া পৰম্পৰাগত ভাবে  পালন কৰি অহা কৃষি ভিত্তিক উৎসৱ। মূলত কৃষিভিত্তিক উৎসৱৰ উপৰিও বিভিন্ন ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অনাগত বাৰিষাত কৃষিজীৱি ৰাইজৰ খেতি পাতি নদন বদন হোৱাৰ কামনা কৰি নিচি সকলে নিজৰ ইষ্ট দেৱ-দেৱীক পূজা অৰ্চনা কৰি মিথুন বলি দিয়া হয় । অৰুণাচল প্ৰদেশত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকসকলে অন্যান্য উৎসৱৰ লগতে এই ন্যাকুম উৎসৱত নাচি বাগি আপোন পাহৰা হয় । ইয়াৰ উপৰিও এই পবিত্ৰ উৎসৱত সকলো শ্ৰেণীৰ লোকে খেল ধেমালি নাচ গান কৰি আনন্দ উল্লাস কৰে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment