জনপ্ৰিয় হৈছে ড্ৰাগছৰ বিৰুদ্ধে নিৰ্মাণ কৰা স্কুল অৱ ড্ৰামাৰ ৱেৱ ছিৰিজ “দি চাইলেন্ট কিলাৰ”

সম্প্ৰতি সময়ত যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছ বৰবিহলৈ ৰূপান্তৰিত হৈছে। ড্ৰাগছে এতিয়া মহামাৰীতকৈও ভয়ানক ৰূপ লৈছে। এই ড্ৰাগছ নিৰ্মূল কৰিবলৈ ড্ৰাগছৰ বিৰুদ্ধে সবল জনমত গঠন কৰিবলৈ আগবাঢ়ি আহিছে ৰঙিয়াৰ স্কুল অৱ ড্ৰামাৰ নিপন ভূঞাই । তেওঁ নিৰ্মাণ কৰিছে এখন ৱেভ ছিৰিজ ” দি চাইলেন্ট কিলাৰ”। ছিৰিজখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে বিশিষ্ট কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ পঙ্কজ পল্লৱ শৰ্মাই।
চাইলেন্ট কিলাৰৰ জৰিয়তে কেনেকৈ বাধ্যত পৰি যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত পৰে, কেনেকৈ এটি পৰিয়াল তিল তিলকৈ ধ্বংসৰ গৰাহত পৰে তাকে স্পষ্ট ৰূপত দেখুওৱা হৈছে।
ছবিখনত কেমেৰাত সহযোগ কৰিছে প্ৰকাশ, সম্পাদনা মৃদুল শৰ্মা, সঙ্গীত আৰু শীৰ্ষ সঙ্গীতৰ কন্ঠশিল্পী অমৰ কিৰণ। গীতৰ কথা ভাস্কৰ কলিতা। সহ প্ৰযোজনা বলেন শীল। মেক আপ অঞ্জু কলিতা। ছিৰিজখনত এগৰাকী দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ চৰিত্ৰত পঙ্কজ পল্লৱ শৰ্মাই দূৰ্দান্ত অভিনয় কৰিছে। ছিৰিজখনৰ আন বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, অজিত বৰ্মন, নাগাৰানামৰ পাঠক ৰামচৰন ভড়ালী,নিপন ভূঞা, দিগন্ত কুমাৰ নাথ, বলেন শীল, দ্বিপেশ দাস, কিশোৰ কলিতা, কৰেন্দ্ৰ কলিতা, সত্যেন্দ্ৰ কলিতা, ৰাজু কলিতা, হৃষিকেশ তালুকদাৰ, বিদ্যুৎ ডেকা, ভবেশ ডেকা, ৰাধেশ্যাম কলিতা, দিপাঙ্কৰ ৰয়, হেমন্ত বৰা, প্ৰনব কুমাৰ দত্ত, জিতুমনি ডেকা, সভিত কলিতা, অভিজিত কলিতা, মুকেশ লহকৰ, গৌতম দাস, নিপন দত্ত কলিতা, হেমন্ত হালৈ, কামিনী ভূঞা, অৰ্ণব ভড়ালী, ৰত্নেশ্বৰ কলিতা, পঙ্কজ তালুকদাৰ, প্ৰাণজিত কলিতা, দেবদত্ত ৰাজবংশী, নয়ন কৌশিক, তৰুণ দাস, ঋতুপৰ্ণা ডেকা, স্নিগ্ধা হাজৰিকা, মধুস্মিতা কলিতা, লিনু বৰদলৈ, প্ৰনিতা শৰ্মা, মিনু ভড়ালী, প্ৰিয়ঙ্কা কলিতা, কল্পনা কলিতা, নিকি ডেকা, নিশা ভূঞা, ভাবলিনা, জেভলিনা লিয়া।

Comments (0)
Add Comment