জলাশয়ত কৃষিপদ্ধতি উদ্ভাৱন কৰিছে কংকনে

উদ্ভাৱনী চিন্তাৰে উদ্ভাষিত এজন যুৱক ।যুৱকজনে এতিয়ালৈকে ৫ বিধ সা-সামগ্ৰী তথা পদ্ধতি উদ্ভাৱন কৰিছে ।সেই সামগ্ৰী সমূহৰ ভিতৰত গেইজাৰ, বিদ্যুৎ উৎপাদক যন্ত্ৰ আদিবোৰ অন্যতম ।এই উদ্ভাৱকজনৰ নাম কংকন নাথ।মৰিগাঁও চৰাইবাহীৰ কংকন নাথে শেহতীয়া জলাশয়, বিলত কৰিব পৰা খেতি পদ্ধতি উদ্ভাৱন কৰিছে।ঘৰৰ আৰ্থিক অসুবিধাৰ বাবে কংকনে ভবা মতে কাম কৰিব পৰা যদিও তেওঁ পিছহুকি পৰা নাই।কংকনৰ আশা কোনো সদাশয় ব্যক্তিয়ে যদি সহযোগ কৰে, তেওঁ উৎসাহ লাভ কৰিব।এই সম্পৰ্কে কংকনে এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়-মোৰ কোনো বিশেষ শিক্ষা নাই যদিও নিজৰ প্ৰচেষ্টাৰ জৰিয়তে মণিছাল, বেচন, এলোভেৰা আদিৰে চাবোন প্ৰস্তুত কৰিছো, তামোলৰ বাকলিৰে কোচন ক’ভাৰ প্ৰস্তুত কৰিছো।অনাগত দিনটো বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰা পৰিকল্পনা আছে।কংকনৰ এই যাত্ৰা সুচল হওক, এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহু শুভকামনা জনালো ।

Comments (0)
Add Comment