জামুগুৰিহাটত নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰ পৰা সাঁতোৰ প্ৰশিক্ষণ শিবিৰ

জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া অনুষ্ঠান নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰ পৰা অনুষ্ঠিত হৈছে সাঁতোৰ প্ৰশিক্ষণ শিবিৰ।অসম সাতোৰ সন্থাৰ সৌজন্যত তথা নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটৰ অমৃতোপম পাব্লিক স্কুলত আজি অনুষ্ঠিত হোৱা সাঁতোৰ প্ৰশিক্ষণ শিবিৰৰ উন্মোচনী অনুষ্ঠানত বন্তি প্ৰজ্বলনৰে শুভ উদ্ধোধন কৰে জামুগুৰি আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেম কুমাৰ লিম্বুৱে।নদুৱাৰ সাঁতোৰ সন্থাৰ সম্পাদক প্রাঞ্জল শ‍ইকীয়াই আতধৰা উন্মোচনী সভাখনত সভাপতিত্ব কৰে নদুৱাৰ সাঁতোৰ সন্থাৰ উপ সভাপতি সংগ্ৰাম ৰতন ৰাজবংশীয়ে।বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি অমৃতোপম ইডুকেচন চছাইটিৰ সম্পাদক দেবজিৎ দাস,আন্তৰাষ্ট্ৰীয় ক্ৰীয়াবিদ মনজিত ডিহিঙীয়াৰ লগতে নদুৱাৰ সাঁতোৰ সন্থাৰ সহকাৰী সম্পাদক তথা সহ প্রশিক্ষক অবিনাশ তালুকদাৰে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটত ইতিমধ্যে বিগত সময়চোৱাত বহুকেইটা সাঁতোৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰশিক্ষণৰত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment