জুইশলা কাঠীৰে প্ৰতিমা বনাইছে সঞ্জীৱে

প্ৰতিজন খনিকৰেই পূজা বুলিলেই ব্যস্ত হৈ পৰে। একোখন প্ৰতিমাক প্ৰাণ প্ৰতিষ্ঠা কৰাটো খনিকৰ গৰাকীৰ এক কলা। এনে কলাৰ অংশীদাৰ হৈ চৰ্চালৈ আহিছে ধুবুৰীৰ ৩নং বাৰ্ডৰ সঞ্জীৱ বসাক নামৰ ব্যক্তিজন। কাৰণ সঞ্জীৱ বসাকে জুইশলা কাঠীৰে প্ৰতিমা নিৰ্মাণ কৰিছে। জানিব পৰামতে সঞ্জীৱে ধুবুৰীৰ বিবেকানন্দ ৰ’ডত অনুষ্ঠিত হোৱা দূৰ্গাপূজাত প্ৰতিমাখনি প্ৰদৰ্শন কৰিব। এই সম্পৰ্কে সঞ্জীৱে এনেদৰে কয়-আজিৰ পৰা ৩বছৰৰ আগৰ পৰাই বিভিন্ন প্ৰতিমা নিৰ্মাণ কৰিছিলো। অৱশ্যে জুইশলা কাঠী ব্যৱহাৰ কৰি প্ৰতিমা নিৰ্মাণ কৰা এয়াই প্ৰথম। প্ৰায় ৩মাহ মানৰ আগৰ পৰাই প্ৰতিমা নিৰ্মাণৰ প্ৰস্তুতি চলাইছিলো। এতিয়ালৈকে ১,৮০,০০০ জুইশলা কাঠী ব্যৱহাৰ হৈছে।এই প্ৰতিমাখন ধুবুৰীৰ বিবেকানন্দ ৰ’ডত অনুষ্ঠিত হোৱা পূজাস্থলীত প্ৰদৰ্শিত হ’ব। উল্লেখযোগ্য যে সঞ্জীৱ বসাক ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ক্ষেত্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছে।

Comments (0)
Add Comment