এক আশাৰ খবৰ

ডিজিটেল মাধ্যমৰ বাবে সুখবৰ। বিধানসভাত স্থান লাভ কৰিলে ডিজিটেল মাধ্যমৰ বিজ্ঞাপন, স্বীকৃতি প্ৰসংগই। উল্লেখযোগ্য যে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত ডিজিটেল মাধ্যমৰ বিজ্ঞাপন নীতি নিৰ্দ্ধৰণ হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৱেব মিডিয়া এচ’ছিয়েনৰ হৈ বিধায়ক আব্দুল খালেকে বিধানসভাত বিজ্ঞাপন নীতিৰ সম্পৰ্কে প্ৰশ্ন অৱতাৰণা কৰে। এই সম্পৰ্কে তথ্য আৰু জনসংযোগ বিভাৰ মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী ৰঞ্জিত দত্তই এনেদৰে লিখিত ভাৱে জনায়- সম্প্ৰতি অসমৰ সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ডিজিটেল সংবাদ মাধ্যমৰ বাবে ছপা আৰু বৈদ্যুতিক মাধ্যমৰ বাবে প্ৰযোজ্য প্ৰচলিত নীতি নিৰ্দেশনাত সংশোধনী অনা তথা নতুন সংযোজন কৰাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে চিন্তা চৰ্চা কৰি কেতবোৰ প্ৰস্তাৱ যুগুত কৰি তুলিছে। এই সংশোধনী প্ৰস্তাৱ সমূহৰ অন্তৰ্ভূক্তিকৰণ চুড়ান্ত হ’লেই যথাসম্ভৱ সোনকালে ইয়াক কাৰ্য্যকৰী কৰিব পৰা যাব।

Comments (0)
Add Comment