ঢকুৱাখনাবাসীক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

লক্ষিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাবাসীক দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি অৱশেষত বাস্তৱায়িত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগত অৱস্থিত ঢকুৱাখনা মহকুমাবাসীৰ সুদীৰ্ঘকালীন সমস্যা আছিল গুণগত আৰু উচ্চমানৰ অত্যাধুনিক চিকিৎসা সেৱাৰ। জৰুৰীকালীন ৰোগীৰ উন্নত স্বাস্থ্য সেৱাৰ পৰা যুগ যুগ ধৰি বঞ্চিত মহকুমাটোৰ তিনি লক্ষাধিক নাগৰিকৰ মৌলিক অধিকাৰ প্ৰদানৰ প্ৰতি বিগত সময়ৰ জন প্ৰতিনিধি সকলৰ গুৰুত্বহীনতাৰ বিপৰীতে তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে ক্ষীপ্ৰ পদক্ষেপ । তদানীন্তন স্বাস্থ্য মন্ত্ৰী শৰ্মাই স্বাস্থ্য দপ্তৰৰ দায়িত্বলৈ ঢকুৱাখনা ভ্ৰমণৰ কালত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়খনক ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ ২১ এপ্ৰিলৰ NRHM / Misc/ 617/2010/230/21 নং এক নিৰ্দেশনা যোগে প্ৰাৰম্ভিক প্ৰক্ৰিয়া উদ্যোগত আৰম্ভ কৰিছিল। শেহতীয়া ভাবে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসন লাভ কৰি প্ৰদান কৰা নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি ডঃ শৰ্মাই কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তাৰেই অংশ হিচাপে মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্দেশৰ ভিত্তিত যোৱা ২৭ মে’ত NHM-32042/7/2020-construction- NHM/69 নিৰ্দেশনা জৰিয়তে এই এশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয় নিৰ্মাণৰ নিবিদা আহ্বান কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে। প্ৰায় ১২ কোটি ৪৪ লাখ ৯৫ হাজাৰ ৪৭০ টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ`বলগা চিকিৎসালয়খনৰ নিবিদা কালি আহ্বান কৰি আজি নিবিদা পত্ৰ খোলাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী শৰ্মাৰ একান্ত ব্যক্তিগত তৎপৰতাৰ বাবে মহকুমাবাসীয়ে কোটিকলীয়া অভাৱ সমস্যাৰ পৰা স্থায়ী উপশম পোৱাৰ পথ প্ৰশস্ত হোৱাত মহকুমাবাসীয়ে মুখ্যমন্ত্ৰী শৰ্মাক কৃতজ্ঞতাৰে সোঁৱৰিছে । অনাগত সময়ত চিকিৎসালয় নিৰ্মান কাৰ্য্য যাতে নিখুঁত ভাবে সম্পন্ন হয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীক। নবগঠিত ৰাজ্য চৰকাৰখনৰ প্ৰথম মাহতে ঢকুৱাখনা মহকুমাবাসীলৈ নামি অহা এই ইতিবাচক সংবাদে নিশ্চিতভাৱে উৎফুল্লিত কৰি তুলিছে তিনি লক্ষাধিক জনসাধাৰণক।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Comments (0)
Add Comment