ঢকুৱাখনাৰ অগ্ৰণী ক’ভিড যোদ্ধাক ফাষ্ট ফুড  বিতৰণ -টেষ্ট অফ চিকিমৰ

ৰাজ্যখনৰ খাদ্যৰসিক ৰাইজৰ মাজত বহু সমাদৃত , নৱ প্ৰজন্মৰ মাজত গুণগত আৰু  ৰুচিবোধ সম্পন্ন ফাষ্ট ফুডৰ প্ৰচলন আৰু প্ৰশিক্ষণ প্ৰদানেৰে থলুৱা শিক্ষিত নিবনুৱাক আত্ম সংস্থাপনৰ সেন্দুৰীয়া পথ দেখুৱাই অহা  ঢকুৱাখনাৰ উদ্যমী উচ্চ শিক্ষিত যুৱক ধ্ৰুৱ জ্যোতি শইকীয়াৰ ” টেষ্ট অফ চিকিমৰ উদ্যোগত বুধবাৰে অগ্ৰণী ক’ভিড ১৯ ৰ যোদ্ধা সকলৰ মাজত খাদ্য সম্ভাৰ যোগান ধৰা হয়।  সাম্প্ৰতিক ক’ৰণাকালীন  লকডাউন পৰিৱেশত সুদুৰ চিক্কিমৰ পৰা ঢকুৱাখনাৰ স্বগৃহলৈ আহি  আবদ্ধ জীৱন কটোৱা  চিকিমৰ প্ৰতিষ্ঠিত ৰেষ্টুৰেণ্ট  ব্যৱসায়ী ধ্ৰুৱ জ্যোতি শইকীয়াই  লকডাউনৰ সময় চোৱাত ঘৰতে এই ফাষ্ট ফুডৰ ব্যৱসায়  আৰম্ভ কৰি ঈর্ষণীয় সফলতা  অৰ্জন কৰাৰ সমান্তৰাল ভাৱে বহুকেইগৰাকী যুৱকক আত্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰি আহিছে। 
বিগত কেইবা মাহ ধৰি গ্ৰাহকৰ চাহিদা অনুপাতে উন্নত আৰু সুস্বাদু ফাষ্ট ফুড প্ৰস্তুত কৰি  নিয়োজিত  কৰ্মচাৰীৰ জৰিয়তে হোম ডেলিভাৰী দি এই বিপৰ্যস্ত সময়ক সঠিক আৰু সদ ব্যৱহাৰ কৰি স্বাৱলম্বনৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে । শিক্ষাগত ভাবে এগৰাকী “চাউণ্ড ইঞ্জিনীয়াৰহৈ  লোভনীয় বৃত্তি পৰিহাৰ কৰি স্বাধীন চিতীয়া ব্যৱসায়লৈ মন মেলি  এই সম্পৰ্কীয় ব্যৱহাৰিক প্ৰশিক্ষণ লৈ বৰ্হি ৰাজ্য চিকিমত ফাষ্ট ফুডৰ ব্যৱসায় ক্ষেত্ৰখনত নিজৰ নাম সমুজ্জ্বল কৰি ৰাখিবলৈ সক্ষম হৈছে । নাট্য ,সাহিত্য ,অভিনয়, কলা ,কৃষ্টি ,সংগীত সকলো ক্ষেত্ৰতে আগৰণুৱা ধ্ৰুৱ জ্যোতি শইকীয়াৰ থলুৱা খিলঞ্জীয়া  নিবনুৱা নৱ প্ৰজন্মক এই বৃত্তিলৈ ধাবিত কৰাৰ লক্ষ্যৰে ৰাজ্য জুৰি আৰম্ভ কৰা প্ৰশিক্ষণ কৰ্মসূচী ক’ভিড পৰিস্থিতিৰ বাবে স্থগিত ৰাখি ঢকুৱাখনাত অব্যাহত ৰাখি আহিছে উন্নত,গুণগত আৰু সুস্বাদু  ফাষ্ট ফুডৰ ব্যৱসায়।এইগৰাকী উদ্যমী যুৱকৰ উদ্যোগত বুধবাৰে  ঢকুৱাখনা নগৰৰ অগ্ৰণী ক’ভিড যোদ্ধা সকলৰ মাজত  খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। নগৰৰ বিভিন্ন স্থানত কৰ্তব্যৰত স্বাস্থ্য কৰ্মী , আৰক্ষী , অৰ্ধ সামৰিক বাহিনী , কেন্দ্ৰীয় নিৰাপত্তা বাহিনী ,  অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান বাহনৰ চালক , পৰিচালক , অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ ব্যৱসায়ী আদি সকলোৰে মাজত একোটাকৈ সুস্বাদু  খাদ্যৰ  সতেজ পেকেট প্ৰদান কৰি তেওঁলোকে আগবঢ়োৱা মহান সেৱাৰ শলাগ লয় ।  জন সজাগতা আৰু সচেতনতাইহে  লখিমপুৰ জিলাখনৰ লগতে ঢকুৱাখনা মহকুমাৰ জটিল ক’ভিড পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিব বুলি মত ব্যক্ত কৰি  এই ক্ষেত্ৰত অগ্ৰণী যোদ্ধা সকলৰ  অৱদানক কৃতজ্ঞতাৰে সোঁৱৰে । প্ৰচণ্ড কৰ্মোদ্যমী ,কষ্টসহিষ্ণু  যুৱক ধ্ৰুৱ জ্যোতিয়ে দেখুৱাই যোৱা স্বাৱলম্বনৰ পথেৰে নিবনুৱা যুৱক যুৱতী সকল বাট বুলিলে সফলতাৰ সেন্দুৰীয়া বাটত নিজকে এগৰাকী সফল অগ্ৰণী পথিক হিচাপে আত্ম প্ৰতিষ্ঠা কৰিবলৈ যে সমৰ্থ হ`ব সেয়া নিশ্চিত । স্বাধীনমনা উদ্যমী ধ্ৰুৱজ্যোতিলৈ  এন ই ফ’কাচৰ তৰফৰ পৰা থাকিল অযুত শুভকামনা। 
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment