ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত অনিৰ্বাণ বি গোঁহাই স্মাৰক গ্ৰীষ্মকালীন অভিনয় কৰ্মশালাৰ প্ৰস্তুতি

নৃত্য ,গীত ,অভিনয় ,চিত্ৰাংকণৰ লগতে অন্যান্য পৰিবেশ্য কলাৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ হকে আজন্ম আত্মকৰ্ষণ কৰি অহা  ঢকুৱাখনাৰ এক  অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ঢকুৱাখনা এক্টিং একাডেমী । অসমৰ অপেছাদাৰী নাট্য ক্ষেত্ৰৰ এগৰাকী  অন্যতম উজ্জল জ্যোতিষ্ক গৌৰৱ বৰুৱাৰ পৰিচালনাত ২০১৩ বৰ্ষত আত্মপ্ৰকাশ কৰা এই ঢকুৱাখনা এক্টিং একাডেমীৰ  সাংস্কৃতিক যাত্ৰা পথৰ অন্য এক অবিচ্ছেদ্য অংগ গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা ।  প্ৰতিষ্ঠা কালৰে পৰা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত  অনুষ্ঠিত কৰি অহা এই কৰ্মশালা চলিত বৰ্ষত অহা ৪  জুলাইৰ পৰা  ২০ দিনীয়া  কাৰ্যসূচীৰে শুভাৰম্ভ হব।  একাডেমী পৰিচালনা সমিতিৰ সম্পাদক নাট্য কৰ্মী গৌৰৱ বৰুৱাই জানিবলৈ দিয়া মতে  ৪ বছৰ বয়সৰ পৰা  ৮ বছৰ বয়সৰ প্ৰশিক্ষাৰ্থী সকলক  বিয়লি ১ বজাৰ পৰা ৪ বজালৈ  প্ৰয়াত অচ্যুত দাস সোঁৱৰণী অকনিৰ ৰং চৰা শীৰ্ষক কৰ্মশালা  আৰু ৮ বছৰৰ উৰ্ধৰ প্ৰশিক্ষাৰ্থী সকলক  পুৱা ৯ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ  প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰা হব । প্ৰয়াত কবি নাট্যকাৰ, সাংবাদিক তথা  সাংস্কৃতিক কৰ্মী  অনিৰ্বাণ বি গোঁহাইৰ স্মৃতিত উৎসৰ্গিত ২০২২ বর্ষৰ এই অভিনয় কৰ্মশালাখনত  ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ক্ৰমে  অবিনাশ দেশ পাণ্ডে (মুম্বাই) , কমল লোচন , মেঘালী কলিতা , মৌচুমী বৰপাত্ৰ গোঁহাই  আৰু  মিছ ইণ্ডিয়া নেচনেল ডিভা  ইণ্ডিয়া ২০২১ খিতাপ অর্জনকাৰী অলিম্পিয়া ভঁৰালী আদিয়ে আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে আৰু বহু কেইগৰাকী উচ্চ প্ৰশিক্ষিত আৰু অভিজ্ঞ প্ৰশিক্ষকে নিয়মীয়া প্ৰশিক্ষণ প্ৰদান কৰিব।  ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই ২০ দিনীয়া কৰ্মশালাৰ শুভ উদ্ধোধনী অনুষ্ঠান অহা ৪ জুলাইৰ দুপৰীয়া ১২ বজাত অনুষ্ঠিত হব। বিশিষ্ট নাট্যকাৰ , অভিনেতা  হেমন্ত বৰপাত্ৰ গোঁহাইয়ে শুভ উদ্ধোধন কৰিব লগা কৰ্মশালাত  বিশিষ্ট অতিথি হিচাপে প্ৰবীণ শিক্ষবিদ ,কণ্ঠশিল্পী ডঃ বনজিৎ ভট্ট আৰু গীতিকাৰ,সু লেখক দিগন্ত কাকতিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।উদ্ধোধনী অনুষ্ঠানত শৈক্ষিক,অভিনয় ,নৃত্য গীতত  ব্যুৎপত্তি প্রদর্শন কৰিবলৈ সক্ষম হোৱা এক্টিং একাডেমীৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী সকলক  বিশেষ ভাবে সম্বৰ্ধনা জনাব এক্টিং একাডেমীৰ পৰিয়ালবৰ্গই ।  সীমিত আসনৰ ব্যৱস্থা থকা এই কৰ্মশালাত  নামভৰ্তি আৰু কৰ্মশালাৰ  নীতি নিৰ্দেশনা সন্দৰ্ভত সবিশেষ জানিবলৈ আগ্ৰহী  প্ৰশিক্ষাৰ্থী সকলক তৎকালীন ভাবে একাডেমীৰ পৰিচালনা সমিতিৰ সম্পাদক গৌৰৱ বৰুৱাৰ  +918486399678 , সমন্বয়ক ক্ৰমে বাবা গগৈৰ  ৮০১১৭৭৭৯২৯ আৰু ভবেন তামুলীৰ ৭০০২৪৭৯৮১১নম্বৰত যোগাযোগৰ আহ্বান জনাইছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment