দহলাপাৰাত শিক্ষাবিদ উত্তৰাৰাম দাসৰ স্মৃতিচাৰণ

তাহানিৰ বৃহত্তৰ কামৰূপ আৰু বৰ্তমান বৰপেটা জিলাৰ অধীনৰ দহলাপাৰা নামৰ তেনেই অনগ্রসৰ গাঁৱ আৰু অশিক্ষিত পৰিয়ালত জনম লৈ পিছত উচ্চ শিক্ষিত হৈ “উত্তৰ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়” নিজে প্ৰতিষ্ঠা কৰি নিজে প্ৰধান শিক্ষক পদ অলংকৃত কৰা সদ্য প্ৰয়াত উত্তৰাৰাম দাসৰ স্বৰচিত নটা কবিতা, এটা নিবন্ধ, এটা চুটিগল্প আৰু আত্মীয়-স্ৰজনৰ স্মৃতিচাৰণ বিষয়ক ৰচনাৰে সমৃদ্ধ “স্মৃতিগ্ৰন্থ” এখনি কালি এক গাম্ভীর্যপূৰ্ণ পৰিৱেশত তেখেতৰ বাসগৃহত উন্মোচন কৰা হয়। কবি, লেখক অক্ষেন্দ্ৰ কুমাৰ সিংহই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে সৰবৰহী ব্যক্তি ভগবান চন্দ্র উজিৰে। স্বাধীন চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাত শিক্ষাবিদ বাণীকান্ত দাস, প্ৰাক্তন শিক্ষক নৃপেন দাস, খনীন্দ্ৰ চন্দ্র দাসে বক্তব্য দাঙি ধৰি উত্তৰাৰাম দাসৰ বহুমূখী প্ৰতিভা, গাঁৱখনৰ প্ৰতি দায়বদ্ধতা আদিৰ ওপৰত সাবলীল ভাৱে কয়।

Comments (0)
Add Comment