দিছপুৰত ভোটদান সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে

আজি মহানগৰীকে আদি কৰি ৩টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ’ল তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন ।ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ পিছপৰি নাথাকিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ।সেয়েহে আজি উপস্থিত হ’ল ৫২ নং বিধানসভা সমষ্টিৰ দিচপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।উল্লেখযোগ্য যে ১৯৯৪চনৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছে।সেইসূত্ৰে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামা অনুসৰি এই বিশেষ ভাৰাঘৰটোক স্থায়ী ঠিকনা হিচাপে ব্যৱহাৰ কৰিছিল।তেতিয়াৰ পৰা তেখেতৰ পৰিয়ালে দিচপুৰ চৰকাৰী বিদ্যালয়ত ভোটদান কৰি আহিছে ।স্মতব্য যে ৫২ নং বিধানসভা সমষ্টিত থকা ভোটকেন্দ্ৰটোৰ ডক্টৰ মনোমোহন সিঙৰ ভোটৰ ক্ৰমাংক হৈছে ৬২৩ আৰু তেখেতৰ পত্নী গুৰচৰণ কৌৰৰ ক্ৰমাংক হৈছে ৬২৪।আজি বিয়লি ২ বাজি ৫৫মিনিটত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ব্যস্ত হৈ পৰে বহু দলীয় নেতা, কৰ্মীসকল।ইয়াৰ মাজতেই মহানগৰীৰ হাতীগাৱৰ লিটোল ফ্লাৱাৰ স্কুলৰ পঞ্চম শ্ৰেণী ছাত্ৰ সীমিত মল্লিকে গছৰ পুলি আগবঢ়ায় প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সম্ভাষণ জনায়।ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি কৰ্তব্যবোধৰ পৰিচয় দাঙি ধৰা আৰু সুমিত মল্লিকে পৰিবেশ সচেতনতা বাৰ্তা বিলোৱা কাৰ্য্যই নিসন্দেহে ইতিবাচক ইংগিত বহন কৰিছে।

Comments (0)
Add Comment