দিবাকৰৰ অনুৰোধ যাত্ৰা

আজিৰ পৰা দুমাহমানৰ আগৰ কথা। ফেচবুকৰ জৰিয়তে চিনাকী হোৱা এজন ল’ৰাই ৰাজ্য, দেশৰ পৰিস্থিতিৰ সম্পৰ্কে বহুকেইটা প্ৰাসংগিক কথা কৈছিল। ভৱিষ্যতৰ বাবে গ্ৰহণ কৰিব লগা বহুকেইটা কাৰ্য্যপন্থাৰ বিষয়ে জনাইছিল। আমাৰ সহাঁৰি বিচাৰিছিল। ইয়াৰ উত্তৰত এটা কথাই কৈছিলো যে আমি আছো।

পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি সেই বিষয়ে ল’ৰা জনৰ বিষয়ে জনাব বিচাৰিছো। আচলতে ক’বলৈ গ’লে nefocus.comয়ে ভাল কাম কৰাজনক, ইতিবাচক খবৰক প্ৰাধান্য দি আহিছে। আহোকচোন জানো ল’ৰাজন কোন আৰু তেওঁ কিয় প্ৰাধান্য পালে nefocus.comত !

বুকুত অযুত সাহস আৰু এটা দৃঢ় মন লৈ অকলেই ঘৰৰ পৰা ওলাইছিল ল’ৰাজন। কোনো ব্যক্তিগত অথবা পৰিয়ালৰ কামত নহয়। ৰাইজৰ স্বাৰ্থত গ্ৰহণ কৰিছিল এক পণ। তেওঁৰ পণটো আছিল এনেকুৱা- ৰাইজৰ মত তথা সমস্যাবিলাক মুখ্যমন্ত্ৰীক অৱগত কৰা। এই বিশেষ ল’ৰাজনৰ নাম দিবাকৰ বৰা। নাহৰকটীয়াৰ সেউজ নগৰৰ দিবাকৰে ডিব্ৰুগড়ৰ (২এপ্ৰিলৰ) পৰা খোজকাঢ়ি গুৱাহাটীলৈ যাত্ৰা কৰিছে। ইতিমধ্যে জখলাবন্ধা অতিক্ৰম কৰিছে। দিবাকৰৰ আশা ৮ দিনৰ ভিতৰত গুৱাহাটীত পাবগৈ। জানিব পৰা মতে কোনো ঠাইৰ দূৰত্ব চাই দিবাকৰে দিনটোৰ যাত্ৰা আৰম্ভ কৰে। বিভিন্ন জনে দিয়া অভিযোগ আৰু সমস্যাৰ ৭ খন পত্ৰ দিবাকৰে কঢ়িয়াই আনিছে। কোনোৱে যদিও কিবা সমস্যা মুখ্যমন্ত্ৰীক জনাব বিচাৰে দিবাকৰক লগ কৰি দিব পাৰে। দিবাকৰৰ এই যাত্ৰা শুভ হওক। আমি জনালো বহু শুভকামনা।