দেশপ্ৰেম মূলক গীতে বনভোজস্থলী মুখৰিত হৈ পৰিল

নৱবৰ্ষ সমাগত।চলিত বৰ্ষ বিদায় দি লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বনভোজথলীত মিলিত হয় বহু বনভোজকাৰী দল।আজি অৰ্থাৎ বছৰটোৰ শেষৰ দেওবাৰে মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলত পুৱাৰে পৰা অলেখ বনভোজকাৰী দলক দেখা পোৱা গ’ল।অৱশ্যে কা’ৰ প্ৰভাৱৰ বাবে কোনোবা দল সংগঠনৰ ৰোষত পৰাৰ আশংকাত বনভোজকাৰী দলবোৰে পূৰ্বৰ দৰে উচ্চ স্বৰত মাইক বজোৱা বা সংগীত শুনাৰ পৰা বিৰত থাকিলেও জাতীয় আৰু দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰি এক অপূর্ব পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।উল্লেখযোগ্য যে দীপৰ বিলৰ পাৰত বনভোজথলী তদাৰক কৰা দেউচতাল নৱজ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে পুৱাই বনভোজথলীত উপস্থিত হৈ বনভোজকাৰী দলসমূহক আদৰণি জনায়।তেনেদৰে ৰাণীৰ কপিলী বনভোজথলীত বন বিভাগৰ ৰাণীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল আৰু স্থানীয় লোকসকলে বনভোজকাৰী দলসমূহক আদৰণি জনায়।

Comments (0)
Add Comment