দৰং জিলা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন

দৰং জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা হিচাপে পৰিচিত লুইতপৰীয়া সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ শিল্পী দিৱসটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উপৰ কুৰুৱাৰ আনন্দৰাম পুথিভঁৰাল প্ৰাংগনত পালন কৰা হয় ।কাৰ্যসূচী অনুসৰি আজি পুৱা ৮ বজাত আনন্দৰাম পুথিভঁৰালৰ সম্পাদক কুশল দাস আৰু উপ সভাপতি ভূপেন দাসৰ পৰিচালনাত সম্পন্ন হয় পৰিৱেশ নিকাকৰণ ।
পুৱা ৮-৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে লুইতপৰীয়া সাহিত্য সভাৰ সভাপতি বিষ্ণু প্ৰসাদ শইকীয়াই।৯ বজাত বন্তি প্ৰজ্বলন কৰে লুইতপৰীয়া সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিপিন চন্দ্ৰ নাথে । ইয়াৰ পাছতেই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মাজ কুৰুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহিম ৰাজবংশীয়ে ।
দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁতধৰা, উপ-সভানেত্ৰী বৰদা শইকীয়াই বিয়লি এক বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভা আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকাই । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰসন্ন কুমাৰ নাথে।

Comments (0)
Add Comment