নাৰী উদ্যমী বঁটা মধুমিতালৈ

বিদেশৰ মাটিত ভাৰতীয় সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাৰী উদ্যমী বঁটা ২০১৯ বৰ্ষত লাভ কৰিছে মধুমিতা ভূঞাই।ভাৰত চৰকাৰে প্ৰদান কৰা এই সন্মান উত্তৰাখণ্ডৰ  ৰাজ্যপাল বেবীৰাণী মাৰিয়াই অলপতে প্ৰদান কৰে । উল্লেখযোগ্য যে প্ৰবাসী ভাৰতীয়  মাজৰ পৰা তেখেতক এই বঁটাৰ বাবে নিৰ্বাচন  কৰিছিল।শিৱসাগৰৰ কল্যাণ ভূঞাৰ জীয়ৰী মধুমিতা ভূঞাৰ লাভ কৰা এই সফলতাই সকলোকে আনন্দিত কৰি তুলিছে ।

Comments (0)
Add Comment