নিৰ্বাচনৰ প্ৰাকক্ষণত দল সংগঠনৰ তৎপৰতা

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষভাৱে সষ্টম হোৱা পৰিলক্ষিত হৈছে কিছু সংখ্যক দল সংগঠন ।গল্ড গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্ট আৰু কৈলাস সত্যাৰ্থী সংগঠন চিলড্ৰেন ফাউণ্ডেচনে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্টৰ সাধাৰণ সম্পাদক কাবেৰী শৰ্মাই কয় যে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিকে ধৰ্ষণমুক্ত সমাজ গঢ়িব বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।লগতে প্ৰত্যেকজন প্ৰাৰ্থীক একোখন গোহাৰি পত্ৰ দি ধৰ্ষণমুক্ত সমাজ গঢ়িবলৈ অংগীকাৰবদ্ধ হ’বৰ বাবে স্বাক্ষৰ কৰিব বুলি জানিবলৈ দিয়ে ।সংবাদ মেল খনত সংগঠনৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।

Comments (0)
Add Comment