পাইলট প্ৰকল্পত ডাঃ ৰেড্ডীজৰ সহযোগত এপল’ হস্পিতেলছে প্ৰদান কৰিব স্পূটনিক-৫ টিকা

এছিয়াৰ সবাতোকৈ সংহত স্বাস্থ্যসেৱা নিয়ামক প্ৰতিষ্ঠান এপ’ল’ হস্পিতেলছ (এপ’ল’) আৰু আগশাৰীৰ ভাৰতীয় বহুজাতিক ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান ডা: ৰেড্ডীজ লেবৰেট’ৰীজ (ডাঃ ৰেড্ডীজ)এ আজি স্পূটনিক-৫প্ৰতিষেধকৰ
পাইলট প্ৰকল্প আঁচনিৰ বিষয়ে ঘোষণা কৰিছে৷ভাৰতত ডাঃ ৰেড্ডীজৰ মুকলি প্ৰক্ৰিয়াৰ অংশ হিচাপে এই কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যক্ৰমৰ প্ৰথমটো পৰ্যায় হায়দৰাবাদত টিকাকৰণসহ সোমবাৰে (১৭ মে, ২০২১) আৰু বিশাখাপট্টনমত মঙলবাৰে (১৮ মে, ২০২১) আৰম্ভ হ’ব। এপ’ল’ হস্পিটেলছৰ পৃথক কেন্দ্ৰত এই কাৰ্যক্ৰম সম্পন্ন হ’ব। ক’-উইনত পঞ্জীয়নকে ধৰি চৰকাৰৰ সকলো এছ অ’পি মানি চলি টিকাকৰণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ’ব।
এপ’ল’ হস্পিতেলছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ চিকিৎসালয় শাখাৰ অধ্যক্ষ ডাঃ কে হৰি প্ৰসাদে কয়- ব্যক্তিগত খণ্ডৰ বাবে টিকাকৰণ আঁচনিৰ আৰম্ভণিৰ জৰিয়তে আমি ভেকচিন প্ৰদান অভিযানৰ গতি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছোঁ। আমাৰ চিকিৎসালয়ৰ শৃংখলৰ বিভিন্ন স্থানত প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি কৰিছোঁ আৰু নিজা প্ৰতিষ্ঠানৰ চৌহদত টিকাকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ বাবে বিভিন্ন কৰ্পোৰেট সংস্থাৰেও আলোচনা চলাইছোঁ। আমি বৰ্তমান এপ’ল’ হস্পিতেলছ, এপ’ল’ স্পেক্ট্ৰা হস্পিতেলছ আৰু এপ’ল’ ক্লিনিককে ধৰি ৬০ স্থানত কোভিড প্ৰতিৰোধী ভেকচিন প্ৰদান অব্যাহত ৰাখিছোঁ। এই পাইলট পৰ্যায়ত ডাঃ ৰেড্ডীজ আৰু এপ’ল’ৱে শীতল শৃংখলৰ সৰবৰাহ প্ৰণালী তথা মুকলিৰ বাবে আয়োজনৰ বিষয়ে বুজ লোৱাৰ সুযোগ লাভ কৰিব| আমি বিশ্বাসী যে স্পূটনিক-৫ ভেকচিনৰ জৰিয়তে আমি উপলব্ধতাৰ দিশত তাৎপৰ্যপূৰ্ণ বৰঙনি প্ৰদান কৰিবলৈ সক্ষম হ’ম আৰু সৰহীয়া লোকৰ বাবে কোভিডৰ প্ৰতিষেধক উপলব্ধ হ’ব।
ডাঃ ৰেড্ডীজ লেবৰেট’ৰীজৰ ব্ৰেণ্ডেড বজাৰ (ভাৰত আৰু নৱোখিত বজাৰ)ৰ চি ই অ’ এম ভি ৰমণাই কয়- “ভাৰতত স্পূটনিক-৫ ভেকচিন মুকলি কৰিবলৈ আমাৰ পাইলট প্ৰকল্পৰ অংশ হিচাপে এপ’ল’ হস্পিতেলছৰ সৈতে সহযোগিতা কৰি আমি আনন্দিত৷ এই প্ৰকল্পৰ পৰিবৰ্ধন ঘটাই দেশৰ আন চহৰতো ভেকচিন উপলব্ধ কৰাবলৈ আমি কাম কৰি আছোঁ| আশা কৰো যে অহা কিছুমাহৰ ভিতৰত অধিকাংশ ভাৰতীয়ৰে টিকাকৰণ সম্পন্ন হ’ব।”
মুকলিৰ বাবে স্প্টনিক-৫ ভেকচিন ডাঃ ৰেড্ডীজে যোগান ধৰিছে, প্ৰথম পৰ্যায়ত ১,৫০,০০০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। হায়দৰাবাদ আৰু বিশাখাপট্টনমৰ পিছত এই পাইলট কাৰ্যক্ৰম দিল্লী, মুম্বাই, বাংগালুৰু, আহমেদাবাদ, চেন্নাই, কলকাতা আৰু পুনেলৈ সম্প্ৰসাৰিত কৰা হ’ব।

Comments (0)
Add Comment