প্লাণ্ট উদ্বোধন

এন এফ ৰেলৱেৰ নিৰ্মাণ শাখাৰ মালিগাওস্থিত মহাপ্ৰবন্ধকৰ কাৰ্য্যালয়ৰ উদ্যোগত নিউ বঙাইগাওঁত নতুনকৈ স্থাপন কৰা অত্যাধুনিক প্ৰযুক্তিৰ ফ্লেছ বাট ওৱেলডিং প্লাণ্টটো অলপতে উদ্বোধন কৰে।প্লাণ্টটো উদ্বোধন কৰে এন এফ ৰেলৱেৰ শাখাৰ মহাপ্ৰবন্ধক এন কে প্ৰসাদে।এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত নিৰ্মাণ শাখাৰ মুখ্য প্ৰশাসনিক বিষয়া এ কে যাদৱ, মুখ্য অভিযন্তা এন ব্ৰক্ষ্ম, উপ মুখ্য অভিযন্তা এ এ ডেকা, মহাপ্ৰবন্ধকৰ সচিব কে নৰহকে ধৰি কেবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।আনহাতে নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক জনসম্পৰ্কৰক্ষী বিষয়া চুচেন কুমাৰ ওজাই জানিবলৈ দিয়া মতে নৱনিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰ প্লাণ্টুট এবাৰত একেলগে ১০ পৰা ২০ ডাল পৰ্য্যন্ত ৰেল চিৰি ওৱেলডিং কৰিব পৰা যাব ।তেনেদৰে ১৫ হাজাৰ মেট্ৰিক টন পেনেল অহাৰ ২২ হাজাৰ মেট্ৰিক টন পেনেল যোৱাৰ পৰিবহনৰ সুবিধা আছে ।

Comments (0)
Add Comment