প্ৰথমবাৰৰ বাবে মণিপুৰত বাণিজ্যিক ভাৱে আপেল খেতি কৰি সফলতা লাভ কৰিছে

মণিপুৰত পোন প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত আপেল খেতি হৈছে।এই ব্যৱসায়ভিত্তিত সফলতা লাভ কৰিছে আগষ্টিনা অউংচি চিমৰে আৰু ৰিংফামি থিংছহুংকে। উল্লেখযোগ্য যে দুয়ো গৰাকীয়ে হিমাচল প্ৰদেশত এক কৰ্মশালাত অংশগ্ৰহণ কৰি আপেল খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছতে আহি স্বৰাজ্যত এই খেতি কৰে।যুৱতী গৰাকীৰ এই কাৰ্য্যক প্ৰশংসা কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰথম বাৰৰ বাবে সফলতাৰে আপেল খেতি কৰি লাভজনক হোৱাটো মণিপুৰৰ বাবে অতিকৈ উৎসাহজনক কথা।আৰু ই কৃষক সকলক এক নতুন পথ দেখুৱাব।

Comments (0)
Add Comment