প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলে

অসম বিধানসভাৰ নতুন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। আজিৰ আৰম্ভণি অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে।প্ৰ’’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে তেখেতক শপতবাক্য পাঠ কৰোৱায়। ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তথা দেশৰ একতা, অখণ্ডতা অক্ষুণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ কথা দোহাৰি আৰু নিজৰ কৰ্তব্য ৰূপায়ণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক হৈ অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে।

Comments (0)
Add Comment