ফটো প্ৰদৰ্শনী উন্মোচন

কেমেৰাত ফটো আবদ্ধ কৰাটো এটা কলা।এখন ফটোত নিৰীক্ষণ ভাল হ’লেহে ফটোখন ভাল উঠে।সাধাৰণতে এখন ফটোৱে এটা সময়ৰ স্মৃতি বহন কৰে। এই মন্তব্য প্ৰকৃতিবিদ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য্যৰ। আজি গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত অৱসৰপ্ৰাপ্ত বন বিষয়া সঞ্জীৱ কুমাৰ বৰা ফটোগ্ৰাফীৰ এক প্ৰদৰ্শনী উন্মোচন কৰি এই মন্তব্য কৰে। এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক মণি মহন্তই কয় যে বৰ্তমান প্ৰজন্মৰ মাজত জৈৱ বৈচিত্ৰ সম্পৰ্কে জনা মানুহৰ সংখ্যা কমি গৈছে। উল্লেখযোগ্য যে সঞ্জীৱ কুমাৰ বৰাই প্ৰায় ৯২ খন কাজিৰঙাৰ জৈৱ বৈচিত্ৰ সম্পৰ্কীয় ফটোগ্ৰাফ প্ৰদৰ্শিত কৰে। প্ৰতিখন ফটোৱে বন্যপ্ৰাণী, মানুহৰ মাজৰ সম্পৰ্কৰ বিষয়ে প্ৰতিফলিত কৰিছে । স্মৰ্তব্য যে এই প্ৰদৰ্শনী খন ৩ অক্টোবৰত অন্ত পৰিব।

Comments (0)
Add Comment