বাঁহীবাদক দিলীপ হীৰাৰ বাঁহী বাদনত মুগ্ধ হ’ল শংকৰ মহাদেৱন

অসমৰ উদীয়মান বাঁহীবাদক দিলীপ হীৰাৰ বাঁহীবাদন শুনি মন্ত্ৰমুগ্ধ হ’ল বলিউডৰ বিশিষ্ট সংগীত পৰিচালক,কণ্ঠশিল্পী শংকৰ মহাদেৱন। শিল্পীজনে হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অহাৰ সময়ত বাহিৰত দিলীপ হীৰাৰ বাঁহীবাদন শুনি আপ্লুত হয়।সেই সময়তে দিলীপ হীৰাৰ বাঁহীবাদনৰ লগতে শংকৰ মহাদেৱনে সা,ৰে গা,পা আওঁৰাই মোবাইলত আৱদ্ধ কৰিলে এটা ভিডিঅ’।দিলীপ হীৰাৰ বাঁহীবাদনত প্ৰশংসা কৰি শংকৰ মহাদেৱনে ক’লে এয়াই আমাৰ দেশৰ প্ৰতিভা।সম্প্ৰতি শংকৰ মহাদেৱনে আপলোড কৰা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।এই ভিডিঅ’ৰ জৰিয়তে নগাঁৱৰ যুৱক দিলীপ হীৰাই চ’ছিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।উল্লেখ্য যে আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত শংকৰ মহাদেৱন আৰু সুনিধী চৌহানে গীত পৰিৱেশন কৰিব।

Comments (0)
Add Comment