অসমৰ উদীয়মান বাঁহীবাদক দিলীপ হীৰাৰ বাঁহীবাদন শুনি মন্ত্ৰমুগ্ধ হ’ল বলিউডৰ বিশিষ্ট সংগীত পৰিচালক,কণ্ঠশিল্পী শংকৰ মহাদেৱন। শিল্পীজনে হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অহাৰ সময়ত বাহিৰত দিলীপ হীৰাৰ বাঁহীবাদন শুনি আপ্লুত হয়।সেই সময়তে দিলীপ হীৰাৰ বাঁহীবাদনৰ লগতে শংকৰ মহাদেৱনে সা,ৰে গা,পা আওঁৰাই মোবাইলত আৱদ্ধ কৰিলে এটা ভিডিঅ’।দিলীপ হীৰাৰ বাঁহীবাদনত প্ৰশংসা কৰি শংকৰ মহাদেৱনে ক’লে এয়াই আমাৰ দেশৰ প্ৰতিভা।সম্প্ৰতি শংকৰ মহাদেৱনে আপলোড কৰা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।এই ভিডিঅ’ৰ জৰিয়তে নগাঁৱৰ যুৱক দিলীপ হীৰাই চ’ছিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।উল্লেখ্য যে আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত শংকৰ মহাদেৱন আৰু সুনিধী চৌহানে গীত পৰিৱেশন কৰিব।
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি