বানপীড়িত ৰাইজৰ কাষত থিয় দিলে সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ শিক্ষক সমাজ

কামৰূপ জিলাৰ বোৰ্কা অঞ্চলত আজি সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ ফালৰ পৰা বানপীড়িত লোক সকলৰ মাজত কিছু খাদ্য সামগ্ৰীৰ বিতৰণ কৰা হয়। অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত হালদাৰৰ একান্ত প্ৰচেষ্টাত বিদ্যালয়খনৰ কেবাজনো শিক্ষক শিক্ষয়ত্ৰীয়ে এই কাৰ্যসূচীত সহযোগ কৰে। উল্লেখ্য যে এতিয়াও বহুলোক শিবিৰতে থাকিবলগীয়া হৈছে। এনে সময়ত বিদ্যালয়খনৰ এই প্ৰচেষ্টাক ৰাইজে প্ৰশংসা কৰিছে ।বিদ্যালয় ফালৰ পৰা আজি প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত চাউল, দালি, বিস্কুট, চেনিটাৰি নেপকিন, গাখীৰ, চেনি আদি বিতৰণ কৰা হয়। কাৰ্যসূচীত সৰলা বিৰলা জ্ঞানজোতি বিদ্যালয়ৰ প্ৰশাসনিক বিষয়া অম্বৰীচ সিদ্ধান্তও উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment