বিমান বন্দৰত বিপনী মুকলি

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আজি যাত্ৰীৰ লঘু আহাৰ বা জলপান খোৱাকে ধৰি আন আনুসংগিক বজাৰ কৰাৰ সুবিধাৰ বাবে ৪খন বিপনী মুকলি কৰে।বিপনী কেইখন মুকলি কৰি বিমান বন্দৰ প্ৰাধিকৰণৰ অনুজ আগৰৱালাই কয় যে ভাৰতীয় বন্দৰ প্ৰাধিকৰণ যাত্ৰীৰ সা সুবিধা সমূহৰ প্ৰতি দায়বদ্ধ আৰু দেশৰ আন বিমান বন্দৰৰ দৰে উত্তৰ পূবৰ বিমান বন্দৰত অহা যোৱা কৰা যাত্ৰীসকলে সুবিধা পায় গুৰুত্ব দি আহিছে ।  অনুষ্ঠানত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক ডি কে কামৰা বৰাঝাৰ  বিমান বন্দৰৰ মহা প্ৰবন্ধক জে টি ৰাধাকৃষ্ঞণে ধৰি উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত থাকে।

Comments (0)
Add Comment