বিশ্ব স্বাস্থ্য দিৱস উদযাপন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো কালি দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব স্বাস্থ্য দিৱস উদযাপন হয়।শিৱসাগৰৰ স্বাস্থ্য সেৱা বিভাগে পুৱাৰ ভাগত বৃক্ষৰোপন ,স্বচ্ছতাৰ ওপৰত বাটৰ নাট কাৰ্য্যসূচী ৰূপায়ন হয়।চিকিৎসালয়তে অনুষ্ঠিত হোৱা দেৱাল লিখন আৰু ছবি অঁকা প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষাবিদ মনোজ কুমাৰ বৰঠাকুৰে।বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি শিৱসাগৰ জিলা উপায়ুক্ত ডাক্টৰ এচ লক্ষ্মণে কয় যে সু অভ্যাস গঢ়ি তুলিবলৈ টান,কিন্তু কু অভ্যাস গঢ়িবলৈ সহজ।সু অভ্যাসে স্বাস্থ্যৰ লগতে দেশৰ সম্পদ বৃদ্ধি কৰে।জিলা স্বাস্থ্য উপসঞ্চালক ডাক্টৰ ৰিপন বৰপুজাৰীয়ে কয় যে সুস্থ আৰু যোগাত্মক দৃষ্টিভংগী সুস্বাস্থ্য গঢ়াৰ প্ৰথম খোজ ।বিশিষ্ট শৈল্য চিকিৎসক ডাক্টৰ অৰুণ মাধৱ বৰুৱাই দিনটোৰ তাৎপৰ্যৰ সম্পৰ্কে বিশদ ভাবে কয়।অনুষ্ঠানত বহুকেইগৰাকী চিকিৎসক উপস্থিত থাকে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।

Comments (0)
Add Comment