বিহু সমন্বয়ৰক্ষী সমিতিয়ে সন্মিলনীৰ বিহু উদযাপনৰ সম্পৰ্কত কি ক’লে

ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহু উদযাপন কমিটিয়ে কিছু নিৰ্দেশনা জাৰি কৰিছে।বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি তথা অসম সাহিত্য সভাই আজি ভগৱতী প্ৰসাদ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলখনত জনায় যে বিহু সন্মিলন সমূহত ব্যৱহাৰ কৰা নামফলক, প্ৰাকৃতিক, মূল তোৰণ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে সমূহ বিহু উদযাপন সন্মিলনক আহ্বান জনায়।শেষ নিশা সংঘটিত দুৰ্ঘটনা বা অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ বাবে সাংস্কৃতিক কাৰ্য্যসূচীৰ ১২টাৰ পৰা ১টাৰ ভিতৰত সমাপ্ত কৰাৰ বাবে আহ্বান জনায়।মঞ্চৰ উদ্যোক্তা আৰু শিল্পীসকলে জাতীয় জীৱনৰ লগত সম্পৰ্কিত মাৰ্জিত পোছাক পৰিধান কৰাৰ বাবে আহ্বান জনায়।লগতে ৰঙালী বিহুত প্ৰয়োজন হোৱা বিহুৱান অসমীয়া শিপিনীয়ে প্ৰস্তুত  কৰা বিহুৱান যাতে ব্যৱহাৰ হয় তাৰ প্ৰতি বিহু কমিটিক আহ্বান জনায়।উল্লেখযোগ্য যে বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়েও পূৰ্বেও এনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ।অসমৰ প্ৰায় ৩০০খন বিহু সন্মিলনীয়ে এই নিৰ্দেশাৱলী মানি লৈছে বুলি কাৰ্য্যকৰী সভাপতি ৰঞ্জন বৰাই জানিবলৈ দিয়ে ।

Comments (0)
Add Comment