বিহু সুৰক্ষা কমিটিয়ে সন্মিলনীৰ বিহুৰ সম্পৰ্কে জাৰি কৰা নিৰ্দেশনাৱলী

বিহু সুৰক্ষা সমিতি, অসমৰ কামৰূপ জিলা মহানগৰ সমিতিয়ে কালি গুৱাহাটীস্থিত বামুণীমৈদামৰ কাৰ্য্যালয় ৰাজ্যৰ বাবে বিভিন্ন প্ৰান্তৰ ৰঙালী বিহু উদযাপন সমিতি সমুহলৈ নিয়মানুৱৰ্তিত বজাই ৰখাৰ উদ্দেশ্যৰে কালি এক সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত ৰঙালী বিহু সমিতি সমুহলৈ মানি চলিবলগা নিয়ম এনেধৰণৰ – ১) জাতীয় উৎসৱৰ পবিত্ৰতা ৰক্ষা কৰাত আয়োজক সমিতি, বিহুৱা বিহুৱতীসকলে যথোচিত গুৰুত্ব দিব।
২) বিহু প্ৰতিযোগিতাৰ বিষয়ত পৰম্পৰাগতভাৱে প্ৰচলিত বৰবিহুৱা, ঘাই বিহুৱা, ঘাই বিহুৱতী আদি অবিধাবিলাকৰ ব্যৱহাৰত গুৰুত্ব দিব।
৩) সন্মিলনীৰ আয়োজকসকলে কাৰ্যসূচীৰ আটাইকেইদিন জাতীয় সাজপাৰ পৰিধান কৰিব।
৪) আমন্ত্ৰণমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয়  দল নিৰ্বাচিত কৰাৰ উপৰিও একাধিক বঁটা (ছয়ৰ পৰা দহলৈকে)প্ৰদানৰ ব্যৱস্থা কৰা।
৫) বিচাৰকৰ অৰ্হতাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ প্ৰতিটো বিষয়বস্তু ওপৰত সাম্যক দখল আৰু যোগ্যতা থকা ব্যক্তিক বিচাৰক হিচাপে নিয়োগ কৰিব লাগে লগতে বিচাৰকসকলৰ উপযুক্ত মাননী আৰু আতিথ্য প্ৰদান কৰা। ফলাফল বিচাৰকসকলে ঘোষণা কৰাৰ লগত মূল্যাংকন পত্ৰত পৰিবেশনৰ ক্ৰটি বিচ্যুতিসমুহ সন্নিষ্ট কৰিব।
৬) সন্মিলনী সমূহত আদৰণী জনোৱা গামোচা সমূহ থলুৱা শিপিনীয়ে বোৱা হ’ব লাগে। বিহু কৃষ্টিয়ে সৃষ্টি কৰা পৰিবেশে হ’ব প্ৰকৃত বিহু‌।

Comments (0)
Add Comment