ভাৰতীয় সেনা দিৱসৰ প্ৰসংগৰে

আজি ভাৰতীয় সেনাৰ বাবে বিশেষ দিন।কিয়নো প্ৰতিবছৰে ১৫ জানুৱাৰী দিনটো ভাৰতীয় সেনা দিৱস হিচাপে উদযাপন হৈ আহিছে।এই বিশেষ দিনটোত ভাৰতীয় সেনা,ত্যাগ আৰু সাহসক স্মৰণ কৰা হয়। ভাৰতীয় সেনা দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাৰ বীৰত্বক স্মৰণ কৰিছে । চি ডি এচৰ বিপিন ৰাৱতেও সেনাৰ বীৰত্ব,ত্যাগক প্ৰশংসা কৰিছে।

ভাৰতীয় সেনা দিৱস উদযাপনৰ অন্ততৰালত দুটা মুখ্য কাৰণ আছে। ইয়াৰে অন্যতম কাৰণ হ’ল দেশৰ স্বাধীনতাৰ পিছত অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্ট পিছত ১৯৪৯ চনৰ আজি দিনটোতে ভাৰতীয় সেনা ব্ৰিটিছ সেনাৰ পৰা মুক্ত হৈছিল।আজি দিল্লীৰ ইণ্ডিয়া গেটত থকা অমৰ জোৱান জ্যোতিত শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।লগতে শ্বহীদৰ পৰিয়ালক সন্মানিত কৰা হয়।

Comments (0)
Add Comment