ভাৰতৰ বাবে প্ৰাৰ্থনা সংগীত মুকলি কৰিলে ভূটানে

ভাৰত‌ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক আছে। দেশৰ ক’ভিডকালীন পৰিস্থিতিৰ সংকটৰ মাজত ভূটানে ভাৰতক অক্সিজেন আগবঢ়াবলৈ প্ৰস্তুত হৈছে। ঠিক সেইদৰে ভাৰতেও বিগত বৰ্ষত ভূটানক প্ৰতিষেধক আগবঢ়াইছে। দেশৰ সংকটৰ সময়ত ভাৰতৰ বাবে প্ৰাৰ্থনা সংগীত মুকলি কৰিছে ভূটানে। ৩:৩১ মিনিটৰ সংগীতটোৰ নাম ৰাখিছে ‘ভাৰতৰ বাবে ভূটান’।
এই সংগীতটোৰ অৰ্থ হল অদৃশ্য শত্ৰুৰ বিৰুদ্ধে ভাৰতে বিজয় লাভ কৰক।সংগীতটো কণ্ঠ দান কৰে জি আৰ উপ্রেতি, পশুপতি দিয়ালি, আশীষ পোখৰেল আৰু মত্ৰিকা প্ৰসাদ শৰ্মাই। এই প্ৰাৰ্থনা সংগীতটো বাণীবদ্ধ আৰু প্ৰয়োজনা কৰিছে জি আৰ ষ্টুডিঅ’ই। দেশৰ সংকটৰ সময়ত প্ৰাৰ্থনা সংগীতটোৱে নিসন্দেহে ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

Comments (0)
Add Comment