ভূটানৰ কনচুল জেনেৰেলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক -পাৰস্পৰিক সম্বন্ধ আৰু অধিক শক্তিশালী কৰাৰ দিশত সহমত পোষন

ভূটানৰ কনচুল জেনেৰেল ফুব চেৰিঙে আজি মুখামন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় আলোচনা কৰে।
আলোচনাকালত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমক গুৰুত্ব প্ৰদানেৰে ভাৰত আৰু ভূটানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত ভূটানৰ ৰজা আৰু প্রধানমন্ত্ৰীয়ে গ্ৰহণ কৰি অহা বিশেষ ভূমিকাৰ শলাগ লয়। মুখ্যমন্ত্ৰীয়ে অসম আৰু ভূটানৰ মাজত থকা ভাতৃত্ববোধৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰ অতিশয় আগ্ৰহী বুলিও কয়। মুখ্যমন্ত্ৰীয়ে অসম আৰু ভূটানৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি আৰু অসম-ভূটান সংযোগী নতুন নতুন পথ নিৰ্মাণৰ‌ ওপৰটো বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যাতে এই ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী
হয়।
ভূটানৰ কনচুল জেনেৰেল ফুৰ চেৰিঙে অসম আৰু ভূটানৰ মাজত থকা সম্পৰ্ক অধিক শক্তিশালী‌ কৰাৰ দিশত মুখ্যমন্ত্ৰী ড’ শৰ্মাই গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ‌ লয়। উচ্চ শিক্ষাৰ বাবে অসমলৈ আহিব‌ বিচৰা ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰী শৰ্মাক আহ্বান জনায়।

Comments (0)
Add Comment