ৰঙিয়া মহকমাধিপতি কাৰ্যালয়ত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

দেশৰ অন্যান্য ঠাইৰ লগতে ৰঙিয়া মহকুমাতো আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ তাৰিখৰ সৈতে সংগতি ৰাখি চৰকাৰীভাৱে পালন কৰা এই দিৱস উপলক্ষে আজি মহকুমা প্ৰশাসন আৰু সংলগ্ন বিভাগসমূহৰ সকলো বিষয়া-কৰ্মচাৰীয়ে সন্ত্ৰাসবাদ তথা সকলোধৰণৰ হিংসাৰ বিৰুদ্ধে যুঁজাৰ সংকল্প গ্ৰহণ কৰে।

ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশৰ উপস্থিতিত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আজি পুৱা আয়োজিত এই অনুষ্ঠানত সকলো বিষয়া-কৰ্মচাৰীয়ে অহিংসা, সহিষ্ণুতাৰ ভাৰতীয় পৰম্পৰা অক্ষুন্ন ৰাখি সমাজত শান্তি সমন্বয় স্থাপনৰ শপত বাক্য পাঠ কৰে।

বাতৰি যুগুতালে ৰঙিয়া পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment