মহানগৰীৰ ৫খন শিক্ষা প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ মাছুল ৰেহাই দিছে

ক’ৰণা মহামাৰীয়ে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ এক দুৰ্যোগ কঢ়িয়াই আনিছে। অসমৰ শৈক্ষিক জগতখনটো ইয়াৰ তদ্ৰূপ প্ৰভাৱ পৰিলক্ষিত হৈছে।
 
 
বিপৰ্য্যস্ত অৰ্থনীতিৰ প্ৰতি লক্ষ্য কৰিয়েই শ্ৰীমন্ত শঙ্কৰ একাডেমী গোষ্ঠীৰ চমুকৈ এছ এছ এৰ অন্তৰ্গত পাঁচখন শৈক্ষিক প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলৰ বাবে মাহিলী মাছুলৰ বিশেষ ৰেহাই ঘোষণা কৰিছে। এছ এছ এৰ সম্পাদক বিজয়ানন্দ চৌধুৰীয়ে জানিব দিয়ে যে এই বিপৰ্য্যস্ত অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
 
সেইবাবে এছ এছ এৰ অন্তৰ্গত আজাৰা আৰু তেজপুৰত থকা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’লজি, আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ ৰ শিক্ষাৰ্থী সকলক ২০২০ ৰ জুলাইৰ পৰা ডিচেম্বৰ মাহলৈ ২০%, দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ৰ বাবে জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ ২০% আৰু পানবজাৰস্থিত শ্ৰীমন্ত শঙ্কৰ একাডেমীৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ১৫% মাহিলী মাছুল ৰেহাই দিছে।

Comments (0)
Add Comment