মহিলা সৱলীকৰণৰ স্বাক্ষৰ দাঙি ধৰিলে ২০০ মহিলাই

প্ৰায় ২০০ উদ্যমী মহিলাই আমগুৰিত এখন বজাৰ পৰিচালনা কৰিছে ।আমগুৰিৰ দোপৰদৰত ৰঙালী আদৰাৰ প্ৰাকক্ষণত প্ৰভাতী আত্মসহায়ক গোটৰ উদ্যোগত অনুষ্ঠিত হ’ল এই বজাৰ ব্যৱস্থা।ৰঙালী বিহুৰ বিহুৱান, পিঠা পনা ,চিৰা,জলপান আন খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন চাদৰ মেখেলা এই বিশেষ বজাৰখনত উপলব্ধ হ’ল।উল্লেখযোগ্য যে সেউজী, ত্ৰিবেণীকে আদি কৰি ১৮টা মহিলা আত্মসহায়ক গোটে বজাৰত বিপনী উপলব্ধ কৰে।

Comments (0)
Add Comment