মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

অসম আৰু মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি টেলিফোনযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত অৱগত কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ সম্পৰ্কত গৃহমন্ত্রণালয়কো টেলিফোনযোগে সবিশেষ অৱগত কৰে।
 
 
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি টেলিফোনযোগে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতেও অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে দুয়োখন ৰাজ্যই সীমান্তত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্ৰশমনৰ বাবে ফলপ্ৰসু পদক্ষেপ ল’ব লাগে।
 
 
শান্তিশৃংখলা অক্ষুন্ন ৰখা ক্ষেত্ৰত দুয়োখন চৰকাৰে সহযোগিতাৰে কামনা কৰা পোষকতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্তৰ বিবাদ আলোচনা মাধ্যমেৰে সমাধান কৰিব পৰা যায়। সীমান্তত সমস্যা থাকিলেও আলাপ,আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ সূত্ৰ উলিওৱাটো সম্ভৱ।মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ নতুন যাত্ৰা পথৰে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় কৰিব লাগিলে বিবাদ এৰাই চলিব লাগিব।
 
 
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সহযোগিতা থাকিলেহে ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হৈ পৰিব।টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুয়োখন ৰাজ্যৰ মাজত থকা সীমান্তত শান্তি শৃংখলা অটুট ৰখা ক্ষেত্ৰত ইতিবাচক ভাৱে কাম কৰা আশ্বাস প্ৰদান কৰে।

Comments (0)
Add Comment