মোদীৰ চিত্ৰ তেজেৰে অংকন কৰি আহ্বান জনালে

মোদী কেবিনেটৰ শপত গ্ৰহণৰ দিনটোতে তেজেৰে প্ৰধান মন্ত্ৰীৰ চিত্ৰ অংকন কৰিলে গৌতম বৰ্ধন নামৰ ব্যক্তিজনে ।লামডিঙৰ গৌতম বৰ্ধন নামৰ ব্যক্তিজনে আজি গুৱাহাটী প্ৰেছ ক্লাবত ১০ মিনিট সময় মোদীৰ চিত্ৰ অংকন কৰে।চিত্ৰখন অংকন কৰি বৰ্ধনে সংবাদ মাধ্যমৰ যোগেদি প্ৰধান মন্ত্ৰী গৰাকীক অসমক সকলো দিশৰ পৰা প্ৰথম স্থান দিবলৈ আহ্বান জনায়।অৱশ্যে নৱপ্ৰজন্মক এনে ধৰণৰ চিত্ৰ অংকন অনুসৰণ নকৰিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে বৰ্ধন এতিয়ালৈকে ১২৪খন চিত্ৰ তেজেৰে অংকন কৰিছে।ইতিপূৰ্বে মামনি ৰয়চম গোস্বামী, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, এ পি জে কালামৰ চিত্ৰ অংকন কৰিছিল।

Comments (0)
Add Comment