শ্ৰমিকৰ সৈতে মত বিনিময় কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে

অসমলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। যোৱা নিশা বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত কটোৱাৰ পিছত পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত বুঢ়া মাধব দেৱালয় দৰ্শন কৰে।তাৰ পিছতে তেওঁ মহিলা শ্ৰমিক সকলৰ লগত মত বিনিময় কৰি চাহ গছৰ পাত তোলে।উল্লেখযোগ্য যে তেখেতে অমৃত তচাৰ ঘৰত ৰঙা চাহৰ জুতি লয়।
সাংবাদিকৰ সৈতে হোৱা মুখা মুখি মন্তব্যত তেখেতে জানিব দিয়ে যে চাহ শ্ৰমিক সকলৰ মজুৰি যি হাৰত বৃদ্ধি পাব লাগিছিল সেয়া আখৰে আখৰে পালন হ’ব।গেছ চিলিণ্ডাৰৰ,পেট্ৰল,ডিজেল প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে।এতিয়া সময় আহি পৰিছে এনে এখন চৰকাৰ গঠন হওক,যি চৰকাৰে জনসাধাৰণৰ কথা শুনে ,বুজে আৰু সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা চলায়।উল্লেখযোগ্য যে নেত্রী গৰাকী শ্ৰমিক সকলৰ মাজত মত বিনিময় কৰা সময়ত বহুত উৎফুল্লিত হোৱা দেখা গৈছিল।

Comments (0)
Add Comment