সংবাদমেলত বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিৰ্বাচন সমাগত। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে।এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
 
মন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত সদৰী কৰা অনুসৰি ৰাজ্যত ৪ খন মেডিকেল কলেজ স্থাপন হ’ব। লগতে কয় যে বিশ্বনাথ চাৰিআলি,গোৱালপাৰা, চৰাইদেউ আৰু গুৱাহাটীত মেডিকেল কলেজ স্থাপন হ’ব।ইয়াত উপৰিও ৯ খন মহিলা মহাবিদ্যালয়,১০ খন আইন মহাবিদ্যালয় আৰু ৬খন স্নাতক মহাবিদ্যালয় স্থাপন কৰা হ’ব।
 
আনহাতে গুৱাহাটী মালিগাঁও আৰু তেজপুৰ মিছন চাৰিআলিত ফ্লাই অভাৰ নিৰ্মাণ কৰা হ’ব। ঠিক সেইদৰে শিক্ষক নিযুক্তিৰ দ্বিতীয় পৰ্য্যায়ৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে।

Comments (0)
Add Comment