সপ্তম বৰ্ষত ভৰি দিলে এন ই ফকাচ ডট কমে


স্বদেশ, স্বজাতি আৰু স্বাধীনতা এই তিনিটা শব্দৰ আঁত ধৰিয়ে ২০১৬ চনৰ ১৫ আগষ্টত অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰিছিল এন ই ফ’কাচ ডট কম নামৰ এটা নিউজ প’ৰ্টেলে।যি সময়ত অসমত ডিজিটেল মাধ্যমৰ আজিৰ দৰে কোনো ঢৌ নাছিল,সেই সময়ৰ পৰাই যুৱ সাংবাদিক সংগীতা শইকীয়াৰ সম্পাদনাত আৰম্ভ হৈছিল এন ই ফ’কাচ ডট কম।

এন ই ফ’কাচৰ লক্ষ্য আৰু উদ্দেশ্য এটাই আছিল জনসাধাৰণৰ মাজত ইতিবাচক খবৰ বিলোৱা। সময়ৰ সোঁতত উটি নগৈ এন ই ফ’কাচে নিজস্বতা বজাই ৰাখি সেয়ে আজিও ব্যতিক্ৰম হৈ জিলিকি আছে।

কোনো শুভাকাংক্ষীয়ে যেতিয়া কয় যে- এন ই ফ’কাচত কেৱল পজিটিভ নিউজ হে প্ৰকাশ হয়।ই সমাজৰ বাবে খুবেই জৰুৰী।মছলাদায়ক আৰু ৰহনসনা তথ্য অথবা বাতৰিয়ে সমাজক ক্ষতি কৰে।সেই ক্ষেত্ৰত এন ই ফ’কাচ অদ্বিতীয়।এই খবৰে আমাক উৎসাহিত কৰে।

কেনে আছে আমাৰ যাত্ৰা!আমাৰ যাত্ৰাৰ খুবেই মসৃণ নহয়।ঘাট, প্ৰতিঘাটৰ মাজেৰে আৰু নতুনৰ সংকল্পৰে আগুৱাই যোৱাৰ মাথোঁ প্ৰয়াস চলোৱা হৈছে।

ক’ভিড সৃষ্ট পৰিৱেশ,বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আজি এন ই ফ’কাচে সম্পূৰ্ণ কৰিলে ৬ টা বৰ্ষ।সমূহ শুভাকাংক্ষী, সাংবাদিকৰ প্ৰচেষ্টাই এই যাত্ৰাত সহযোগ কৰিলে।আমি ধন্যবাদিত সেই সকল সাংবাদিককলৈ, যি সকলে আমাক প্ৰতিটো মূহুৰ্তত আমাক খবৰ যোগান ধৰিলে।

নকৈ এন ই ফ’কাচত সংযোজিত হ’ল ইংৰাজী বাতৰি প্ৰচাৰৰ এটা শিতান।ইয়াৰ সমান্তৰাল ভাৱে সমাজৰ প্ৰতি দায়বদ্ধতাৰে ভাল কাম কৰাজনক স্বীকৃতি হিচাপে প্ৰদান কৰা হ’ল এন ই ফ’কাচ গ্লৰী এৱাৰ্ড। বিশেষ অসুবিধাবশত এইবাৰ এন ই ফ’কাচ গ্লৰী এৱাৰ্ড আগষ্টত অনুষ্ঠিত কৰিব পৰা নহ’ল যদিও অচিৰেই অনুষ্ঠিত হ’ব এন ই ফ’কাচ গ্লৰী এৱাৰ্ড।আগন্তুক দিনতো আপোনালোকৰ পৰা এনেদৰে সহায় সহযোগিতা বিচাৰিছো।লগতে সমূহ সাংবাদিক আৰু শুভাকাংক্ষীক ষষ্ঠ বৰ্ষপূতি শুভেচ্ছা জ্ঞাপন কৰিছো।

ধন্যবাদেৰে
সংগীতা শইকীয়া।
সম্পাদক
এন ই ফ’কাচ ডট কম।

Comments (0)
Add Comment