সামাজিক আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ২ মিলিয়ন বিনিয়োগ কৰিব

কৰ্মসংস্থাপন বিচাৰি থকা জনক কৰ্ম সংস্থাপন দিব পৰাকৈ গঢ়ি তোলাৰ উদ্দেশ্যে ইণ্ডিয়া ইন’ভেচন গ্ৰ’থ প্ৰগ্ৰেম আয়োজন কৰা হৈছে।উদ্ভাৱন মূলক ধাৰণাৰ লগত জড়িত থকা উদ্যমীসকলে এই অনুষ্ঠানৰ জৰিয়তে এখন মঞ্চ পাব।এই মন্তব্য ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্ভাৱন, উদ্যোগশীলতাৰ পৰামৰ্শদাতা ডক্টৰ অমিতা গুপ্তাৰ।আজি তাজ ভিভাণ্টাত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে।উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত ফিকিয়ে আয়োজন কৰা এই আই আই জি পি অনুষ্ঠানত দেশৰ বহুকেইটা আগশাৰীৰ প্ৰতিষ্ঠানৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে আই আই জি পিয়ে সামাজিক আৰু উদ্যোগিক উদ্ভাৱন ক্ষেত্ৰত মিলিয়ন ইউ এছ ডলাৰ বিনিয়োগ কৰিব বুলি জানিব পৰা গৈছে ।অনুষ্ঠানত উপস্থিত থাকি টাটা ট্ৰাষ্টৰ উদ্ভাৱন বিভাগৰ মুৰব্বী মনোজ কুমাৰে কয় যে এই প্ৰয়াসে উদ্যোগীসকলক উচ্চ প্ৰভাৱদায়ক সমাধানলৈ ৰুপান্তৰিত কৰিব।স্মতব্য যে আই আই জি পিয়ে উদ্ভাৱনী ধাৰণাৰ লগত জৰিত ছাত্ৰক ১০ লাখ টকা আৰু ষ্টাৰ্ট আপক ২৫ লাখ টকা পৰ্য্যন্ত বিনিয়োগ কৰিব।অনুষ্ঠানত লকহীড মাৰ্টিন ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী ফিল শ্বও,ফিকিৰ উত্তৰ পূবৰ সঞ্চালক বিশ্বজিৎ চক্ৰৱৰ্তী,ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদ্ভাৱনৰ লগত জৰিত উদ্যমীসকল আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা যোৱা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ  কৰে ।

Comments (0)
Add Comment